Posts

Showing posts from April, 2017

সৃষ্টি

সৃষ্টিৰ  অন্য নাম তুমি তুমিয়েই তুমি মন্দাকিনী তোমাৰ নামতেই হয় নৱ-সৃষ্টি এন্ধাৰ গচকি ফুৰা তুমি লৈ ফুৰা স্নিগ্ধ জ্যোতি তোমাৰ পোহৰতেই আজি উজলি উঠে সমগ্ৰ জগতৰাজি ৷৷

তুমি কবিতা ইত্যাদি

তুমি কবিত‍া ইত্যাদি  তুমি কবিতা, মই কবি  মোৰ হৃদয়ত তোমাৰ সৃষ্টি।  মোৰ হৃদয়ৰ কলমত গুঞ্জৰি উঠা  ছন্দবিহীন তোমাৰ ভাষাবোৰ আৰু  তাত ভাঁহি থকা মসৃণ মৰমবোৰ...  নালাগে সময় মোৰ তোমাক আওৰাবলৈ,  প্ৰতি মূহুৰ্ততেই তোমাৰ সৃষ্টি।  কবিৰ অবিহনে যেনেকৈ কবিতাবোৰ আধৰুৱা,  তেনেকৈ তোমাৰ অবিহনে মই।  ভগৱানে তোমাক স্ৰজিছিল হয় সঁচা,  কিন্তু কবিতাৰ ৰূপ দিলো মই।  এতিয়াও বিবুদ্ধিত পৰো,  আৰু নিজকে প্ৰশ্ন কৰোঁ যে  তোমাৰ বাবে এই কবিতাৰ সৃষ্টি  নে এই কবিতাই দিলে তোমাক ৰূপ ! !  📄📄 টিংকু মণি শৰ্মা

Mamore Dhora Tarowal by Mamani Raisam Goswami

মামণি ৰয়ছম গোস্বামী বাইদেউৰ অনন্য সৃষ্টি " মামৰে ধৰা তৰোৱাল " https://drive.google.com/file/d/0B_rVaNi8cikwdXNvbUN0Y051VFE/view?usp=drivesdk Download