EDUCATION SYSTEM OF ASSAM

অসমত উচ্চ শিক্ষা আৰু ইয়াৰ  ব্যৱস্থা


📝📝 টিংকুমণি শৰ্মা




মোৰ ব্যক্তিগত মত...কোনোবাই বিৰোধ কৰিলেও বেয়া নাপাওঁ...

" কলেজবোৰৰ পৰা হায়াৰ ছেকেণ্ডেৰী শাখাটো উঠাই দিব লাগে...কাৰণ কলেজ সমূহত এই দুটা শাখাত গুৰুত্ব কমকৈ দিয়া দেখা যায়...লগতে এই শাখা দুটাৰ বাবে ডিগ্ৰী লেভেলত বহু প্ৰভাৱ পৰা দেখা যায়...পৰীক্ষাৰ বাবে ক্লাছৰ ক্ষতি...পৰ্যাপ্ত পৰিমাণৰ ক্লাছৰ অভাৱ...আদি বহুটো..."

" ইয়াৰ বিকল্প হিচাপে দুটা ব্যৱস্থা লব লাগে....
১) SEBA আৰু AHSEC ৰ সংস্কাৰ ঘটাই  উচ্চতৰ মাধ্যমিক শাখাটো কলেজৰ পৰা উঠাই আনি উচ্চ মাধ্যমিকৰ লগত সংযোগ কৰি বৰ্তমান থকা হাইস্কুল সমূহ হায়াৰ ছেকেণ্ডেৰী কৰিব লাগে ।

ইয়াৰ ফলত নতুন নিয়োগৰ সৃষ্টি হব। লগতে শিক্ষাৰ এটা বিশেষ মানদণ্ড গঠন হব। তাৰ লগতে নতুনকৈ নিযুক্ত দক্ষ শিক্ষকসকলৰ পৰা জ্ঞান লাভ কৰি বিশেষকৈ নবম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল বহু পৰিমাণে উপকৃত হব।

২) অন্যথা...হায়াৰ ছেকেণ্ডেৰী আৰু কলেজসমূহৰ পৰা হায়াৰ ছেকেণ্ডেৰী শাখাটো উঠাই আনি AHSEC ৰ সংস্কাৰৰ যোগেদি নতুন নতুন চৰকাৰী জুনিয়ৰ কলেজৰ সৃষ্টি কৰিব লাগে য'ত কেবল উচ্চতৰ মাধ্যমিকৰ পাঠদান হে কৰা হব।

এনে ব্যৱস্থাৰ দ্বাৰাও বিভিন্ন নিযুক্তি বাঢ়িব। নিয়োজনৰ এক অন্য বাট মুকলি হব। "

"তিনি বছৰৰ মূৰে মূৰে TET অনুষ্ঠিত কৰক । TET উত্তীৰ্ণ হলেই নিযুক্তিৰ যোগ্যতা অৰ্জন কৰাটো বন্ধ কৰক। লগতে B.Ed / D.L.Ed ৰ বাধ্যবাধকতা উঠাই দিয়ক । তাৰ পৰিৱৰ্তে এই ডিগ্ৰী থকা বিলাকক বিশেষ অগ্ৰ‍াধিকাৰ দিয়ক নতুবা সংৰক্ষণৰ ব্যৱস্থা কৰক। ইয়াৰোপৰি TET উত্তীৰ্ণৰ CUT OFF বঢ়াই দিয়ক আৰু তিনিটা স্তৰত যোগ্যতা নিৰ্ণয় কৰক... : -
ক) প্ৰাথমিক লিখিত পৰীক্ষা ( Objective Type আৰু Multiple Choice  প্ৰশ্নৰ লগতে পোনপটীয়া উত্তৰ দিব পৰা প্ৰশ্ন থাকিব লাগে )

খ) মৌলিক বাচনি পৰীক্ষা ( য'ত বৰ্ণনাত্মক কিন্তু চুটি উত্তৰৰ প্ৰশ্ন ৰাখক)

গ) মৌখিক তথা পাঠদান প্ৰক্ৰিয়া অন্তৰ্ভুক্ত পৰীক্ষা। ইয়াৰ দ্বাৰা নিৰ্বাচিত শিক্ষকসলকৰ দ্বাৰা মোৰ বোধেৰে ছাত্ৰ-ছাত্ৰীসকল বেছি উপকৃত হব...."


বিঃদ্ৰঃ -  বিতৰ্কৰ পৰিৱৰ্তে সকলোৰে যুক্তিগত মতামত বিচাৰিলো...আশা কৰোঁ ইয়াক শ্বেয়াৰ কৰি আপোনলোকৰ বন্ধুবৰ্গৰ পৰাও বিশ্লেষাত্মক মন্তব্য লাভ কৰিব...

ধন্যবাদেৰে..... টিংকু....

Comments

Popular posts from this blog

PUB KAMRUP COLLEGE Admission 2017-18

তুমি কবিতা ইত্যাদি