তুমি কবিতা ইত্যাদি


তুমি কবিত‍া ইত্যাদি



 তুমি কবিতা, মই কবি 

মোৰ হৃদয়ত তোমাৰ সৃষ্টি।

 মোৰ হৃদয়ৰ কলমত গুঞ্জৰি উঠা 

ছন্দবিহীন তোমাৰ ভাষাবোৰ আৰু 

তাত ভাঁহি থকা মসৃণ মৰমবোৰ...

 নালাগে সময় মোৰ তোমাক আওৰাবলৈ, 

প্ৰতি মূহুৰ্ততেই তোমাৰ সৃষ্টি।

 কবিৰ অবিহনে যেনেকৈ কবিতাবোৰ আধৰুৱা,

 তেনেকৈ তোমাৰ অবিহনে মই। 

ভগৱানে তোমাক স্ৰজিছিল হয় সঁচা, 

কিন্তু কবিতাৰ ৰূপ দিলো মই।

 এতিয়াও বিবুদ্ধিত পৰো, 

আৰু নিজকে প্ৰশ্ন কৰোঁ যে 

তোমাৰ বাবে এই কবিতাৰ সৃষ্টি

 নে এই কবিতাই দিলে তোমাক ৰূপ ! ! 


📄📄 টিংকু মণি শৰ্মা


Comments

Popular posts from this blog

Special Collection of eBooks

PUB KAMRUP COLLEGE Admission 2017-18