বাস্তৱ
☮☮ বাস্তৱ ☮☮
(১)
সিপাৰে তোৰ ঘৰ
ইপাৰত মোৰ,
মাজতে এখন প্ৰকাণ্ড দেৱাল...
অভ্ৰভেদী দেৱাল..
ভাঙিবও নোৱাৰি..
পাৰ হবওঁ নোৱাৰি...
ইফালে শুকান মৰিশালি..
পিয়াহত বিচাৰি ফুৰিছে পানী...
কিন্তু সিফালে সতেজ ঘাঁহনি..
আছে নদী...বৈ গৈছে নিজৰা..
(২)
দেৱালৰ কাষত হেজাৰ মানুহ..
ঢাপলি মেলিব গৈছে সিপাৰলৈ বুলি..
কিন্তু পাৰা নাই...
সকলো বিমুখ..কাৰণ
তাত কেৱল আছে এখন সৰু দুৱাৰ..
কিন্তু আছে অস্ত্ৰধাৰী দ্বাৰৰক্ষী..
নাই নাই..যাব দিয়া নাই..
কাকো যাবলৈ দিয়া হোৱা নাই..
(৩)
সিহঁতে পৰীক্ষা কৰা আৰম্ভ কৰিছে
ইপাৰৰ মানৱৰ প্ৰতিটো কৰ্ম..
প্ৰতিটো মূহুৰ্ত..
দিছে মাৰ্ক...উলিয়াইছে ৰেংক..
(৪)
দুই এজন যাব ধৰিছে..
সেই সৰু দুৱাৰখনেৰে..
শিশুবোৰ প্ৰথমে গৈছে..
কাৰণ সিহঁতৰ ৰেংক আগত..
নাই কৰা সিহঁতে তেনে কোনো অপৰাধ
নাই কৰা কোনো হানি প্ৰকৃতিৰ..
সিহঁতে যে নহয় নিষ্ঠুৰ মোৰ দৰে..
(৫)
কি কৰিলো মই..কি কৰিলো.
অনুতাপৰ জ্বালাত মৰিছো মই...
কেনেকৈ নিবাৰণ কৰোঁ মোৰ তৃষ্ণা.
কেনেকৈ আতৰি যাওঁ
এই আৰ্দ্ৰতাৰ পৰা...
এই দুৰ্বিষহ জীৱনৰ পৰা..
যদি মই গছবোৰ নাকাটিলো হয় ! !
যদি মই .... ! !
Comments