কল্পনাৰ এটি সন্ধিয়া
কল্পনাৰ এটি সন্ধিয়া
বহু সময় ধৰি বাছখন অপেক্ষা কৰি মোৰ বেজাৰ লাগি গ'ল। কিন্তু সেই বৰষুণ বতৰৰ দুপৰীয়াটোত এজনো চিনাকি বাইক আৰোহী নোলাল। অফিচৰ অৰ্ধছুটীৰ দিনা সোনকালে ঘৰটো পালে ভালেই লাগে। কিন্তু আজি কি হ'ল বা বাছকেইখনৰ ! দেখাদেখিয়েই নাই। সেয়ে গৰম কফি একাপ খাবলৈ বুলি বাছ-আস্থানটোৰ গাতে লাগি থকা হোটেলখনত সোমালো। একাপ কফি অৰ্ডাৰ দিলো। হোটেলৰ টিভিটোত মালিক আৰু কেইজনমান গ্ৰাহকে ভাৰত-শ্ৰীলংকাৰ দিবা-নৈশ ক্ৰিকেট খেল এখন উপভোগ কৰি আছিল। কফিকাপ শেষ হোৱালৈ ময়ো চাই থাকিলো। বাছ ৰখাৰ বেজাৰটো আকৌ লাগিবলৈ ধৰিলে। যিদিনা সোনকালে ঘৰ গৈ ভালকৈ জিৰাম বুলি ভাবিছিলো, সেইদিনাই এই আহুকাল হ'বলৈ পালেনে বুলি ভাবি বৰ খং উঠিল। উপায় নাই হৈ পুনৰ বাছৰ বাবে অপেক্ষাত ৰৈ গ'লো।
৫ মিনিটমানৰ পিছত এখন বাছ অৱশ্যে আহিল, কিন্তু মানুহবোৰ পাণ জপাদি আনিছে। নাই মোমাইতকৈ কণা মোমাইয়ে ভাল বুলি সেইখনত উঠিলো। দুৱাৰমুখত হেণ্ডমেনজনৰ কাষত থিয় হৈয়েই গন্তব্যস্থানৰ দিশে আগবাঢ়িঁলো। কিছুদুৰ যোৱাৰ পিছত চাৰিআলিটোত বহুকেইজন যাত্ৰী নামিল। মই তেতিয়া অলপ ভিতৰ সোমাই গ'লো। পিছৰ ষ্টপেজটোত মোৰ ওচৰত বহি থকা ল'ৰা এজনো নামিল আৰু তাৰ চিটটোতেই মই বহিলো। অলপদূৰ যোৱাৰ পিছত মোৰ চকু আগৰফালে বহি থকা ছোৱালী এজনীৰ ওপৰত গ'ল। তাইৰ মুখখন ভালকৈ দেখা পোৱা নাছিলো যদিও কোনোবা একেবাৰে আপোন (চিনাকি) যেন লাগিল। ছোৱালীজনিক কাষত বহি থকা কোনোবা এজন বয়সীয়া মানুহে তাইৰ মূৰটো মাজে-মাজে পিহি দিয়ে যেন তাই দুখত পৰি কান্দি আছে। মনৰ উৎকণ্ঠা ৰাখিব নোৱাৰি মই উঠি আগলৈ গ'লো। আগত থিয় হৈয়েই কেৰাহিকৈ তাইৰফালে লক্ষ কৰিলো। "হে' ভগৱান ! দৰ্শনা! তুমি !"- মই আচৰিত হৈ চিঞৰি উঠিলো। তাইয়ো মোক দেখি সচকিত হ'ল। বাছখনৰ অন্য যাত্ৰীবোৰে মোৰফালে চালে। মই ইতস্ততঃ হ'লো। থিতাতেই বহি পৰিলো আৰু তাইৰ কোলাত হাত থৈ কান্দিম নে হাঁহিম এনেকুৱা অৱস্থা হৈ পৰিল মোৰ। দুয়োৰে মুখৰ মাত ওলোৱা নাছিল। তেনেতে তাইৰ কাষত বহি থকা সেই মানুহজনে (যিগৰাকী তাইৰ দেউতাক বুলি চিনি পাওঁ আৰু মোকো তেওঁ চিনি পাই) দুয়োজনকে বাছৰ পৰা নামিব হোৱা বুলি ক'লে। নিৰৱতাই আমাক তেতিয়াও চানি ধৰি আছিল। তিনিওজনে নামিলো। সেইটো ষ্টপেজত কিয় নামিলো সেইবোৰ প্ৰশ্ন সুধিবলৈ মোৰ মনতেই অহা নাছিল। দেউতাকৰ ইংগিতত আমি তেওঁৰ পিছেপিছে গৈ থাকিলো। মাজতে মই তাইৰফালে চাই আছিলো যদিও তাই চকুকেইটাৰ বাহিৰে গোটেই মুখমণ্ডল আৰু মূৰটো চুৰিদাৰ খনেৰে ঢাকি আনিছিল। কলৈ গৈ আছো সেইবোৰ নভবাকৈ গৈ আছিলো। পিছত হে লক্ষ কৰিলো যে আমি ৰাজ্যিক কেঞ্চাৰ হস্পিতাল খনত প্ৰৱেশ কৰিছো। মই দৌৰি গৈ দেউতাকৰ হাতত খামোচ মাৰি ধৰিলো আৰু তাইৰ কি হৈছে ভালকৈ ক'বলৈ ক'লো। মোৰ হাতখন গুচাই দি তেওঁ অলপ আতঁৰি গ'ল। মইয়ো পিছেপিছে গৈ পুনৰ জোৰ দি সুধিলোঁ। অলপ সময় মনে মনে থাকি তেওঁ উপায়ন্তৰ হৈ মুখ খুলিলে। কান্দি-কান্দি থোকাথুকি মাতেৰে ক'লে যে দৰ্শনা কেঞ্চাৰৰ ২য় স্তৰত আছিল। কথাষাৰ শুনি মই সৰগ পৰা মানুহৰ দৰে তাতেই বহি পৰিলোঁ। তেনেতে তাই আমাৰফালে আহি থকা দেখি মই নৰ্মেল হ'বলৈ যত্ন কৰিলোঁ। হাঁহি-হাঁহিয়েই তাইক তাইৰ জোকোৱা নামেৰে মাতিলোঁ। তাই একো নকলে যদিও মুখত এক গম্ভীৰ ভাৱ প্ৰতিপন্ন হৈছিল। তেনেতে দেউতাকে আৰু বেলেগ সোধাৰ সুযোগ নিদি তাইক মাতি লৈ গ'ল। মইয়ো পিছে-পিছে গ'লো। লিফ্টৰ সহায়ত আমি তৃতীয় মহলালৈ গ'লো। দেউতাকে মোক বাহিৰত বহিবলৈ দি তাইৰ সৈতে কেমো থেৰাপী দিবলৈ বিশেষ কোঠাটোত প্ৰৱেশ কৰিলে। মই তেওঁলোকৰ বাবে ৰৈ থাকিলো কিন্তু তেওঁলোক দুঘণ্টা ধৰি ওলাই নাহিল। ৰখোতে ৰখোতেই মোৰ তাত টোপনিয়েই আহিল।
হঠাৎ কোনোবাই মোৰ গাতো জোৰেৰে লৰাই দিয়াত সাৰ পাই দেখিলো যে মই মোৰ কোঠাতেই চোফাখনত বহি টোপনি গৈ আছিলো। কোলাত আছিল সেই আধা পঢ়া হোৱা কিতাপখন। তেনেতে শ্ৰীমতীয়ে মোৰ হাতলৈ চাহকাপ আগবঢ়াই দিলে। মই হাতত চাহকাপটো লৈ এক গভীৰ নিস্বাস পেলালো। কিয়নো মোৰ শ্ৰীমতীয়েই সেইজনী দৰ্শনা যাক কিছুসময় আগতে মই এটা দু:স্বপ্নত আৱিষ্কাৰ কৰিছিলো ।।।
Comments